পৃষ্ঠা:বিহুগীত.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৮ ◇

(৬)

ওলাই দেখা পালো  কাৰেঙৰ কলচি
 সোণতে সুৱগা চৰা।
গা-ধুই থাকোঁতে  চেনাইটিক দেখিলো
 দেহাটি বাবৰি বছা॥

(৭)

নৈ খুবুঙীয়া  পানী হাবুঙীয়া
 গৰা চলঙুৱা ঘাট।
কাষতে কলহলৈ চেনাই যাই ঘাটলৈ
 লগাই থৈ নগলে মাত॥

(৮)

চৰাই মনোমতী মনকে মোহিলি
 কোটাহি বেঙেনা তলত।
চেনাই মনোমতী মোৰে মন মোহিলি
 থাকিব নোৱাৰো ঘৰত॥

(৯)

আশী চেলেংখনি লব মই নোৱাৰো
 বতাহে আমনি কৰে।
নইৰে ঘাটলৈ যাব মই নোৱাৰো
 ধনে ভেটি ভেটি ধৰে॥

(১০)

নাওবাই শিকিলো চৰিয়া পানীতে
 বঠাবাই শিকিলো বামত।
প্ৰথম পীৰিতি ধনে শিকাই দিলে
 খনীয়া কাপোৰ জাপত॥

(১১)

চেনাইৰে দেহাটি পদুমৰ পাহিযেন
 কমলা টেঙাযেন গোট
এনে বগীতৰা সোণে গিলিপ মৰা
  দাপোন চাই মাৰিলি ফোঁট॥