পৃষ্ঠা:বিহুগীত.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৭০ ◇

(৫)


চেনাইটি ঐ
 তোমালৈ আনিছো পোৱালমণি লৈ
 খোপাত গুজি মালতী
 ওলাই আঁহা নাচনী
 হাততে টকাটি বিহু তলি লৈ
 ককাল নো ভাঙি ভাঙি
 নাচি আহা নাচনী
 চেনাইটি ঐ
 তোমালৈ আনিছো পোৱামণি লৈ॥

(৬)

তোলৈ চাই ৰঙিলী
বান্ধি যাওঁ ডাঙৰী
গৰা চপাই বান্ধি যাওঁ নাৱে





নহলি ওচৰৰ
গঞাকৈ গাভৰু
তোলৈ জুমি জুমি চাঁৱে



   

অ নাজিতৰা
অ নাজিতৰা
নাজিতৰা
তোৰে মোহনীয়া
খোপা নাজিৰা
নাহো আজিৰ পৰা
ওলাই মাতা ঘৰলৈ
ওলাই মাতা ঘৰলৈ যাওঁ।
অ নাজিতৰা
অ নাজিতৰা
নাজিতৰা
তোৰে মোহনীয়া
খোপা নাজিতৰা
নাহো আজিৰ পৰা
ওলাই মাতা ঘৰলৈ যাওঁ॥

(৭)

মইনা জানৈ চমকত চাবলৈ
মইনা জানৈ নহওঁ মই বিজুলি
মইনা জানৈ নিজান জানৈ
 নহওঁ মই বোৱতী নৈ।
মইনা জানৈ চৰাই হোৱা হ'লে
মইনা জানৈ উৰি গলোহেঁতেন
মইনা জানৈ নিজান জানৈ
 দুহাতে দুপাখি লৈ॥