পৃষ্ঠা:বিহুগীত.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬৭ ◇

(৩৫)

মাছৰে বেজাৰত মৰিঢল শুকালে
 জীয়াঢলত শুকালে শালি।
চেনাইৰে বেজাৰত দেহাটি শুকালে
 যেনে বগীনদী বালি॥

(৩৬)

নাচনী ছোৱালী দীঘল চুলিটাৰী
 ঘঁহে বুঢ়ীআয়ে তেল।
যলৈকে নেযাওঁ মই ততে গৈ শুনোগৈ
 নাচনী ছোৱালীৰ মেল॥

(৩৭)

অঔটেঙা নেখাবি তিনিকৈ বাকলি
 জৰাও নেখাবি জিম।
অফুলনি ছোৱালী বাটত নোজুকাবি
 মূৰতে তিয়নি দিম॥

(৩৮)

লাই হালে জালে আবেলি বতাহে
 লফা হালেজালে ঠাল।
চেনাই হালে জালে যোৰীয়া যৌৱনে
 যেনে পকা আমৰ ডাল॥

(৩৯)

পিয়াহৰে পানী নহলি হৰিলী
 নহলি বোৱতী নৈ।
নহলি খাবলৈ পিটিকি সানি লৈ
 ৰঙাগড়া গুৱালৰ দৈ॥

(8০)

গছৰ নাম কমলা মাছৰ নাম বিমলা
 চৰাই নাম আছিলে বগ।
তোমাৰ নাম দিছিলে ইন্দ্ৰজিত মালতী
 কোনদিনা পাই যাম লগ॥

(৪১)

টোকোন কাটি টোকোনা হলো ঐ চেনেঙা
 কুণ্ডাকাটি টোকোনা হলো।
মনতৰা গাভৰুক বিয়া কৰি আনি
 টকাৰ মুখ নেদেখা হলো॥