পৃষ্ঠা:বিহুগীত.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬৬ ◇

(২৮)

ঢোলৰ নাম ইলিঙা ঢোলৰ নাম পিলিঙা
 কৰচন পাতৰে এঠা।
শহুৰৰ জীয়েকটি নিচেই কোমলীয়া
 তামোল দি লগালে লেঠা॥

(২৯)

ৰংপুৰৰ ৰঙিলী বগী বিলৰ পমিলী
 ৰঙাগড়াৰ জেতুকী বাই।
তিনি নটিনীয়ে টোপাই বুৰ মাৰিলি
 মৰিম বৰবিহ খাই॥

(৩০)

অঔ কোমলীয়া মৌ কোমলীয়া
 ডিঙিত লাগি লাগি ধৰে।
চেনাই কোমলীয়া বুলিব নোৱাৰে
 বাটতে টোপনি ধৰে॥

(৩১)

নৰাত বান্ধিলো নৰা জাংফাই
 গৰাত বান্ধিলো ভূৰ।
যৌৱন বান্ধি ললো হাতৰে মুঠিতে
 দিলো গঙানৈতে বুৰ॥

(৩২)

এনে দুপৰ ৰাতি দলৌ কানমাৰি
 ছকুৰি কুকুৰাৰ ভাৰ।
মোৰে পদুলিয়ে কৰ অহা যোৱা
 তুমি মৰমীয়াল কাৰ॥

(৩৩)

হাবিজুই লাগিলে কুকুহা উৰিলে
 ডঁৰিকে আছিলে চাই।
ভদকুলি চৰায়ে চিঠিখন লিখিলে
 জাহাহুক আনিব পাই॥

(৩৪)

হলইড্ চাহাবটি কাপটন বাবুটি
 ৰঙাগড়া বাগিছাৰ কুলি।
নিৰ্দোষী ছোৱালী নামকাটি খেদালে
 বাঁজীপাত চিঙিলে বুলি॥