পৃষ্ঠা:বিহুগীত.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬৫ ◇

(২১)

খাই ভালপালো জেনেৰু চকলা
 দেখি ভালপালো উদ।
চুই ভালপালো কপাহৰ জোলাযেন
 মইনা মহলৰ দুদ॥

(২২)

জিলা নহয় ডিবুৰু তোলা নহয় গাভৰু
 চিৰা নহয় গলিয়াই খাবি।
চাৰি আঙুল কপালত যদি লিখা আছে
 কলৈ হেৰাই পলাই যাবি॥

(২৩)

মাছলৈ যাওঁগৈ আঁহা লগৰীয়া
 ককালত খালৈটি বান্ধি।
ঘৰলৈ যাওঁগৈ আহা লগৰীয়া
 লৰাটি মৰিছে কান্দি॥

(২৪)

চাউল চালিগলি সুৱৰ্ণ চালনি
 বহি চালিগলি খুদু।
ফেঁচু ফেঁচু কৰি নেকান্দ বৰে কলি
 মোৰে সৰুবুলি দুদু॥

(২৫)

কি ফুল বাছিলি তয়ে অ’ ফুলতী
 আটাইবোৰ বাবৰি কেছ।
ধেমালি চলেৰে চিকুট মাৰি গলি
 ৰাখিব পৰা নাই তেজ॥

(২৬)

হাফলু পাৰহৈ দিফলু দেখিলো
 কলঙত দেখিলো গাই।
জালীকটা বেৰেদি ধনক দেখা পালো
 গাত কানি কাপোৰ নাই॥

(২৭)

গা ধুই সলালো তিতাকৈ তিয়নি
 ভৰি ধুই সলালো ছাঁয়া।
তোলৈ চাই ৰঙিলী টুকো চকুপানী
 নহলি ওচৰৰ গঞাঁ॥