পৃষ্ঠা:বিহুগীত.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬৩ ◇


(৭)

লুইতখন শুৱনী বগীদৈ চাপৰি
 দিখৌখন শুৱনী গৰা।
মনতৰা শুৱনী ৰংদৈ পথাৰত
 ৰূপতকৈ জেউতি চৰা॥

(৮)

সোণৰ গামখাৰু নিপিন্ধো মইনা
 নিপিন্ধো ঘুনুচা জৰি।
ৰঙাৰিহাখনি তাকো মই নিপিন্ধো
 থাকিবি সাৱটি ধৰি॥

(৯)

লং ফুলৰ গামোচা  বলি ঐঘুনুচা
 কেছ ফুলৰ গামোচা বলি।
শুৱাই কি নোশুৱাই ধনৰে ককালত
 পিন্ধি আগগুৰি চালি॥

(১০)

কলৈযাৱ ৰচকী কলৈ যাৱ পচকী
 ৰিহাত পদুমফুলৰ শৰাই।
গলধনত পেলাই খোপাটি বান্ধিলি
 যেনে ফেচুলুকা চৰাই॥

(১১)

কলীয়া বৰৰে মলীয়া পথাৰত
 হলীয়া মতাম’হ বালো।
জাকৈয়া ছোৱালী যাই জাকিমাৰি
 তুমি বুলি উলটি চালো॥

(১২)

খাব মনগল  বগী হাঁহ এজনী
 সোধোতা নহলে কেওঁ।
আনিব খুজিলো বগী দৈ গাভৰু
 ভূলাব নেজানো ছেঁও॥

(১৩)

ফুলকাটি ফুলবাৰী পাতিলি লাহৰী
 থিয়কৈ বান্ধিলি চুলি।
কেলৈ সোণামুৱা উঘালি পেলালি
 বাঁজী ফুল মেলিলে বুলি॥