পৃষ্ঠা:বিহুগীত.pdf/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিহুগীত

ব্যঙ্গৰাগ

(১)

হাঁচতি লাহৰে টেমাটি কাঁহৰে
 কটাৰি ম'হৰে শিং।
নগলে জামৰি আঙলি কামুৰি
 কাললৈ ৰাখিলি চিন॥

(২)

সিংখাপৰ মেখেলা নেলাগে মইনা
 নেখাওঁ গুৱালৰ দৈ।
লেৰেলা সাদৰৰ নেলাগে এচুমা
 বেইতা লগীয়া পৈ॥

(৩)

নৈয়ে এৰিলে নৈয়ে চেৰাসুতি
 সাউদে এৰিলে ঘাট।
চেনায়ে এৰিলে চোলা পিন্ধিবলৈ
 মাতিলে নেমাতে মাত॥

(8)

হাতে কি হৰিলী মাতে কি পমিলী
 গাতে কি ঘঁহিলা ৰং।
নাজিৰা হাতলৈ ওলাইছা যাবলৈ
 চুলিলৈ আনিবা চং॥

(৫)

জাপি সৰুদৈয়া টুপে বগীতৰা
 কেতেক বৈ থাকিম তাঁত।
গা-জিন্‌জিনি বুকু পিৰপিৰণি
 লগাই থৈ আহোগৈ মাত॥

(৬)

জাংফাই কেৰুযোৰ পনিয়ল বাখৰবোৰ
 চকু তিৰেবিৰে কৰে।
কেতেকী সজীয়া চেনাইৰে ককালটি
 খোজতে মুকুতা সৰে॥