পৃষ্ঠা:বিহুগীত.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বনগীত

পূৰ্বৰাগ

(১)

ফুলৰে শুৱনী সেউতী মালতী
 কেতেকী শুৱনী পাহি।
চেনেহী শুৱনী যৌৱনৰ জুৰণি
 মুখত মিচিকিয়া হাঁহি॥

(২)

চৰাইটি চিকুণে  চৰাই মনোমতী
 জিৰাই বৰগছৰ ডালত।
চেনাইটি চিকুণে  এখনি দাপোণে
 জিলিকে জাকৰে মাজত॥

(৩)

যৌৱনৰ শুৱনী তিতাকৈ তিয়নি
 গোলাপৰ শুৱনী পাহি।
যোৰফোঁট মাৰিলৈ চেনাইটি আহিছে
 মিচিকি মিচিকি হাঁহি॥

(8)

বৰণৈ শুৱনী চেনীদৈ চাপৰি
 লুইতৰ শুৱনী চৰ।
চেনেহী শুৱনী মনৰে জুৰণি
 ডিঙিতে সাৱটি ধৰ॥

(৫)

ডিবুৰু শুৱনী  লুইতৰ চাপৰি
 দিহিঙৰ শুৱনী ঘাট।
চেনাইটি শুৱনী  লঙে দালচেনি
 বহিবৈ আছিলি তাঁত॥