পৃষ্ঠা:বিহুগীত.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৬০ ◇


বিয়া কৰিম বুলি বৰঘৰ সাজিলা
 কইনা হবহি কোনে॥

(8০)

উৰাই মাৰিলি ঘুৰাই মাৰিলি
 মাৰিলি পমিলাৰ গুটি।
কিহৰে খঙতে মাৰি পঠিয়ালি
 খনীয়া তামোলৰ মুঠি॥

(৪১)

আইমান মৰমী নাই ঐ চেনেহী
 বোপাই মান মৰমী নাই।
তাতোকৈ মৰমী তুমি গুণেশ্বৰী
 আমনি নেলাগে চাই॥

(৪২)

তামোলৰ বান্ধিলো টোপলি টোপলি
 মাহৰে বান্ধিলো ফাঁক।
তোমাকে যাচিলো লঙে দালচেনি
 পীৰিতি যাচিমে কাক॥

(৪৩)

আগলৈ নেচালি পিচলৈ নেচালি
 মোকে গৰু বাটত পাই।
অতক মানুহ গৰু কৰে অহা যোৱা
 শতুৰু আছেহি চাই॥

(৪৪)

কেলৈ মইনা বৰঘৰ সাজিলা
 ফুলচতি নিদিলা তাত।
কতেনো লাহৰী তাঁতশাল পাতিলা
 ধনে অহা যোৱা বাট॥

(৪৫)

আঁচুৱলী ৰিহাখন ঘনাই গঁৰিয়লী
 বিহুলৈ গৈছিলো লৈ।
কোনোবা পাকতে নাহৰৰ ডালতে
 মেৰিয়াই আহিলো থৈ॥