পৃষ্ঠা:বিহুগীত.pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫৭ ◇


(৩৩)

বিহুবটা দিলা বিহুৱান গামোচা
 তাৰো নেভাগিলে থোঁৰ।
বিধিকৈ বিধাতাক মাতো কৰযোৰে
 পাতক পুনৰবি যোৰ॥

(৩৪)

ৰিহাতে বাছিলো ফুটুকি ডবুৱা
 হাঁচতিত বাছিলো কেছ।
ধনক বাছি ললো সৰুভাই যোৰীয়া
 ভাঙিব নোৱাৰো পেঁচ্॥

(৩৫)

কেতেকী ধুনীয়া পাখি সেউজীয়া
 বুজিব নোৱাৰি আস।
চেনাইৰে দেহাটি চেং চেং ভক্‌ভক্
 চাপিব নোৱাৰি কাষ॥

(৩৬)

ই বিলত জাকৈয়া সি বিলত জাকৈয়া
 মাৰে কোন বিলত মাছ।
সৰুটি চেনাইকে শিঙিয়ে ফুটিলে
 পৰিল ডেকালৰা পাছ॥

(৩৭)

সৌৱা কোন যাই বুকুৰে ধন যাই
 খোজত মৰে দুবৰি বন।
উলটি পালটি নেচাবি মালতী
 কেনেবা কৰিছে মন॥

(৩৮)

সেউতী ফুলিলে মালতী ফুলিলে
 ফুলিলে খৰিকাজাঁই।
ধনৰে বাৰীতে যৌৱন ফুল ফুলিলে
 আমনি নেলাগে চাই॥

(৩৯)

শিলে গঁথা পুখুৰী খনালা লাহৰী
 পানীনো খাবহি কোনে।