পৃষ্ঠা:বিহুগীত.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫৮ ◇

বায়েক নে ভনীয়েক চিনিব নোৱাৰি
 কোনজন ঈশ্বৰৰ মায়া॥

(২৭)

হাঁহোতে হাঁহিলি মাতোতে মাতিলি
 পদুলি বাটলৈ আহি।
চকুতে চকু দি কিনো কৈ গলি
 এবেলা আছিলো ভাবি॥

(২৮)

ইবনত ফুলিলে সি বনত ফুলিলে
 শুৱনী খৰিকাজাঁই।
ইফালে চেনাই মাত সিফালে চেনাইমাত
 দেহা ফাটিছিটি যাই॥

(২৯)

আঁহোতে ফুলনি যাওঁতে ফুলনি
 নিচিঙি চিঙিলো ফুল।
পাতৰে আঁৰতে ধনে সুহুৰিয়াই
 নেজানি কৰিলো ভুল॥

(৩০)

ইমান ধুনীয়াকৈ কোনে স্বৰজিলে
 ৰূপতকৈ জেউতি চৰে।
আন্ধাৰত থাকিলে বিজুলি বাতিযেন
 চকু তিৰেবিৰে কৰে॥

(৩১)

উজাই ডিবুৰুৰে খহটা ডিমৰু
 চিলিবৰ চিলিবৰ পাত।
ধনৰে দেহাটি জেঙুবৰণীয়া
 জিলিবৰ জিলিবৰ মাত॥

(৩২)

সেউতী নিপিন্ধ তয়ে ঐ চেনেহী
 মালতী নিপিন্ধ তই।
হাঁহিলে নেহাঁহ মাতিলে নেমাত
 পদূলিত আছিলি ৰৈ॥