পৃষ্ঠা:বিহুগীত.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫৬ ◇


চৰাই উৰণীয়া মন দূৰণীয়া
 খাই পাহৰিব গুণ॥

(১৪)

কুৰুতা পিন্ধিলি তই ঐ চেনেহী
 ককালটি কৰিলি চিঁয়া।
ৰিহা মাৰিবলৈ এৰিলি চেনেহী
 মেমনি সজালি দেহা॥

(১৫)

ফুলৰে শুৱনী ইপাহি সিপাহি
 ডিবুৰ শুৱনী জীঞাঁ।
জীৱনে মৰণে তোমাৰে লগৰী
 বিহুলৈ পঠিয়াই দিয়া॥

(১৬)

হাতমেলি নেপালো হাতৰ গামখাৰু
 ভৰি মেলি নেপালো পাটী।
ফুলাম পাটী পাৰি মইনাক নেপালো
 টোপনি নাহিলে ৰাতি॥

(১৭)

জীয়াঢল আউলি জীয়াঢল বাউলি
 জীয়াঢলে ভাঙিলে গৰা।
কেলৈ কাপোৰ দাঙি দেখালি মইনা
 মই কেই দিনৰ ল’ৰা॥

(১৮)

ন-জোন ওলালে বাঘে চুং সলালে
 পহুচুঙত পাতিলো জাঙ্গি।
কোলাতে বহুৱাই সুধিলো ফুচুলাই
 পেটকথা নকলি ভাঙি॥

(১৯)

কিনো ব-বটীয়া বাটিলি ললিতা
 উঘাতকৈ চেৰেকী ঘন।
ৰ'দত ধান মেলাদি দেহাটি মেলিলি
 তললৈ কৰা নাই মন॥