পৃষ্ঠা:বিহুগীত.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫৫ ◇

(৭)

ম'হৰে গুৱালটি লাটিবৰ ককাইটি
 নলনি ডুবৰে হাবি।
একুৰি এজনী চেঁউৰী পোঁহিছ
 গাখীৰ কাহানিকৈ পাবি॥

(৮)

যাই মইনা পৰলৈ আহে মইনা ঘৰলৈ
 থাকে মইনা অকলৈ শুই।
চেঁচা ঢাৰী পাটী নধৰে টোপনি
 আহে চকু পানী বৈ॥

(৯)

ধনৰে বাৰীতে ফেচেকা পনিয়ল
 ৰঙা ফেচুলুকাই খাই।
খেদাই দে খেদাই দে অজাতি চৰাই ঐ
 চেনাই হৈ মাতোতা নাই॥

(১০)

বাঁহৰে আগলৈ চাই পঠিয়ালো
 বাঁহে কোনদালি পোন।
জাকৰে মাজলৈ চাই পঠিয়ালো
 চেনাই পূৰ্ণিমাৰ জোন॥

(১১)

দুলুংনৈ পাৰহৈ হুলুং গছ কাটিলো
 জিৰালো কদমৰ ছাঁত।
পৰুৱা শিপিনীৰ টোলোঠা কাটোতে
 আলষণী লাগিলে গাত॥

(১২)

যৌৱনৰ জুৰণি মৰমৰ পুৰণি
 দূৰণি বটীয়া বাট।
গাখীৰৰ ফেন যেন ধনৰ যৌৱনযুৰি
 কপাহৰ জোলাযেন হাত॥

(১৩)

তোমাক অ পমিলা কলো মই তেতিয়া
 খোপাত নোগুজিবা লোণ।