পৃষ্ঠা:বিহুগীত.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিহুগীত

ৰঙ্গৰাগ

(১ )

চকুলৈ কি চাবি তামুলী তৰাযেন
 মইনা চৰাই যেন মাত।
হাতৰে লাহৰে খাৰুযোৰ পিন্ধিলি
 ললি ৰঙাৰিহা গাত॥

(২)

নই চেঙেলীয়া গৰা কোমলীয়া
 তৰা কোমলীয়া পাত।
চেনেহী বুকুতে যৌৱন কোমলীয়া
 ধনৰ ধেমেলীয়া হাত॥

(৩)

অঔ কোমলীয়া বৌ কোমলীয়া
 মৌ কোমলীয়া জোল।
তুমি চেঙেলীয়া আমি ধেমেলীয়া
 চিঙিয়াই ধৰমৰ ডোল॥

(৪)

যৌৱনৰ শুৱনী চেলেং ছকঠীয়া
 গোলাপৰ শুৱনী পাহি।
ধনে ধেমেলীয়া মন চেঙেলীয়া
 থাকে মিচিকিয়াই হাঁহি॥

(৫)

মাকুৰ খিত্খিতনি গামখাৰু বাজনি
 দেৱৰলৈ গামোচা বওঁ।
গাতে ঠেলামাৰি নেযাবি মইনা
 সমধত বৌৱেৰে হওঁ।

(৬)

দাবলৈ নেপালো হেন্দুলি হেন্দুলি
 দলনি মাগুৰি ধান।
দিবলৈ নেপালো খনিয়াই খনিয়াই
 ৰাঙলী মদাৰৰ পান॥