পৃষ্ঠা:বিহুগীত.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫৩ ◇


(৪৬)

কোনে দি গল ধনৰে বাতৰি
 পিয়নৰ হাতৰে চিঠি।
জীয়েকে কান্দিছে ফেকুৰি ফেকুৰি
 মাকৰ জিঙিতে ধৰি॥

(৪৭)

মাছৰে লেতেৰা পুঠি চেলেকনা
 ভাৰৰে লেতেৰা সাঙ্গী।
ছোৱালী চেনীমাই বাটতে পানী নাই
 কাছুটি আহিলা দাঙি॥

(৪৮)

ইঘাটে দুবৰি সি ঘাটে দুবৰি
 তুলো কোন ঘাটে পানী।
লাহৰী চেনায়ে গা ধুই আছিলে
 তুলো সেই ঘাটে পানী॥

(৪৯)

চৰাই মনোমতী মনকে মোহিলি
 মাতিলি অমাতৰ মাত।
চেনাই মনোমতী চকুৰে চাৱনি
 ৰিহা নাইকিয়া গাত॥

(৫০)

বিলাটি হোটলৰ বাণী কি বান্ধৈ ঐ
 বিলাতী হোটলৰ বাণী।
গা-ধুই থাকোতে চেনাইটিক দেখিলো
 বৈ গ’ল পীৰিতি পানী॥

— ০০ —