পৃষ্ঠা:বিহুগীত.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৫১ ◇


(৩৩)

মহমেলি গুৱালটি চাপৰি পালেগৈ
 বাটত খাই গল আলু।
পিচৰ টি গুৱালে সুহুৰি মাৰিলে
 একেটি খোজতে ৰলো॥

(৩৪)

সৰুকৈ বাটিবা মুগাৰে মহুৰা
 চতাইকৈ পাৰিবা পাত।
আঁহোতে যাওঁতে মোৰে তাঁত শালে
 লাহেকৈ লগাবা মাত॥

(৩৫)

চমকত দেখিলো চিতিকি বিজুলি
 পলকত দেখিলো তৰা।
ধুনাগুৰি পথাৰত জীয়েকক দেখিলো
 ৰূপতকৈ জেউতি চৰা॥

(৩৬)

চকলা চকলি বখলা বখলি
 জুটুলা জৰাৰে জিম।
লংগুটি আনিবা ডালচেনি আনিবা
 তোমাক বটা ভৰাই দিম॥

(৩৭)

কলৈ গৈ আছিলি পিজলি গাভৰু
 সময়ত পাবলৈ নাই।
খোজত হালেজালে ৰদত জঁইপৰে
 যোৱাহি এচুমা খাই॥

(৩৮)

চৰাইটি ধুনীয়া পাখি বিনন্দীয়া
 কি খাই বোলালি ঠোঁট।
কতে বিহুমাৰি আহিলা গোহাঁইদেউ
 কাপোৰত সেন্দুৰ ফোঁট॥

(৩৯)

আলি কাষে কাষে ম’হে লালি পাতে
 গুৱাল বা কেহেলৈ গ'ল।