পৃষ্ঠা:বিহুগীত.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা

(১)

প্ৰথমে প্ৰণামো আই সৰস্বতী
 কন্ঠত দিয়াহি থিত।
পাহৰা নামকে দিয়াহি সোঁৱৰাই
 গাই যাওঁ বতৰৰ গীত॥

(২)

আই সৰস্বতী মা বীণাপানী
 তোমালৈ মানি যাওঁ কি।
তোমালৈ মাননি কৰি যাওঁ জননী
 বনগীত বিহুগীত দি॥

(৩)

আই মোৰ গোসানী  দেৱী পাৰেৱতী
 তোমালৈ মানি যাওঁ গুৱা।
মাহদি মাননি চাউল দি জাননি
 অঞ্জলি যাচিছো লোৱা॥

(8)

আইৰে থানলৈ সজালো পৰালো
 কি দি মাননি কৰো।
কোচভৰি আনো বনগীত বিহুগীত
 তাৰেহে মাননি কৰো।