পৃষ্ঠা:বিহুগীত.pdf/৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪৯ ◇


(২০)

দেহি ঐ লাহৰী দেহি ঐ চেনেহী
 কোনে চাই থাকিব তোক।
দোলা দাপোণ যেন লাহৰী ছবিটি
 দেখিলে নেলাগে ভোক॥

(২১)

পানী দেখি লাগিলে পানীৰে পিয়াহটি
 তোক দেখি লাগিলে দয়া।
সপোণ সমাজিকে ফুৰু একেলগে
 কোনজন ঈশ্বৰৰ মায়া॥

(২২)

আহু তলগল শালি তলগল
 ন-জোনৰ মুখৰে পানী।
মুঠি ভৰাই ভৰাই দাবলৈ নেপালো
 ধনে আনিদিয়া কাচি॥

(২৩)

কেলৈ এনেকুৱা হলা ঐ মইনা
 চাঁও বেৰচুকে জুমি।
হাততে লগপাই বাটতে জুকালা
 ভাই সমনীয়া তুমি॥

(২৪)

ই বনৰ বগৰী সি বনত পকিলে
 কোনে আনিদিব মোক।
মাকৰ নোমলীয়া জাকৰ ধেমেলীয়া
 এৰিব নোৱাৰো তোক॥

(২৫)

নৈ খুবুঙৰে পুঠি খলিহনা
 জকাই খুবুঙৰে মোৱা।
কিনো মায়া জালত পেলালি সুৱাগী
 নেদেখো গধূলি পুৱা॥

(২৬)

ঘাটৰে ঘটীয়া কটীয়া শিঙৰা
 পথাৰৰ মটীয়া বন।