পৃষ্ঠা:বিহুগীত.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪৮ ◇

তিতাকৈ তিয়নি যৌৱনৰ জুৰণি
 আছিলি সেঁউতা ফালি॥

(১৪)

ডেওদি উৰিলে দেও ডঁৰিকণা
 ছুটিদি উৰিলে শ’ল।
কাক বাঁহৰ তলতে পীৰিতি কৰোতে
 বালিচন্দা উফৰি গ'ল॥

(১৫)

তোকে অ’ পমিলা কলো মই তেতিয়া
 কাটিবি কপাহৰ জোলা।
নিবলৈ লাগিব জপাৰ বৰ কাপোৰ
 যাবলৈ লাগিব দোলা॥

(১৬)

ৰঙাচোলা নিপিন্ধ তই ঐ চেনেহী
 ঢিলাচোলা নিপিন্ধ তই।
মুগাৰিহা খনি তাকো তই নিপিন্ধ
 আছিলি পদূলিত ৰৈ॥

(১৭)

ভাতে খাই গলো তপতে তপতে
 পানী খাই গলো চেঁচা।
জালিকটা বেৰেদি সুহুৰি মাৰিলি
 সিজাভাত কৰিলি কেঁচা॥

(১৮)

চতিয়না ওপৰে বেলিঘুৰে দুপৰে
 মেলেঙত গধূলি হ’ল।
ছকুৰি ছটকা মেজাঙ্কৰি গামোচা
 বেইতাৰ লগতে গ'ল॥

(১৯)

পদূলি শুৱনী গধূলি গোপালে
 ফুলৰে শুৱনী পাহি।
মইনী শুৱনী মনৰে জুৰণি
 মুখৰো নোগুচে হাঁহি॥