পৃষ্ঠা:বিহুগীত.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪৭ ◇


(৭)

চুলি নেবান্ধিবি  তুলি পিলেশ্বৰী
 পেলাই নেবান্ধিবি চেং।
অকলে লগ দি পগলা কৰিলি
 বাটতে বগৰি জেং॥

(৮)

ধনে ভাতখোৱা কাঁহী পানধোৱা
 চোঁচৰি বোটলো চুবা।
কিনো মায়া জালত পেলালি সুৱাগী
 নেদেখো গধূলি পুৱা॥

(৯)

আইৰে নিচিনা খনীয়া পিন্ধিলো
 বাইৰে নিচিনা খোপা।
একেখন বিহুতে নাচি থৈ আহিছে৷
 তোমাৰে নিচিনা ডেকা॥

(১০)

দূৰণি বটীয়া পুৰণি চিনাকি
 জাপি কাটিকৰি চাই।
চাওঁ ডিঙিমেলি চেউনি আলিয়ে
 ধনে কান্দি কান্দি যাই॥

(১১)

যোৰহাট জিলালৈ ওলাইছা যাবলৈ
 আনিবা ওদালৰ ফণি।
সৰুকৈ বাটিবা মুগাৰে মহুৰা
 আনিম পোৱালৰে মণি॥

(১২)

কাঁহীটো নেখাওঁ ঐ বাটিতো নেখাওঁ ঐ
 নেখাওঁ সঁফুৰাত গুৱা।
নাজিৰা হাটলৈ নেযাওঁ ঐ লাহৰী
 নিপিন্ধো ৰেচমৰ চোলা॥

(১৩)

দুলুঙৰ উজনি নৈ ভেঙুচীয়া
 ৰঙাগৰা ঘাটৰে বালি।