পৃষ্ঠা:বিহুগীত.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিহুগীত

অঙ্গৰাগ

(১)

হেঙু বৰণীয়া সোৱণশিৰি নৈ খন
 জেঙু বৰণীয়া জোন।
লাখৰে বাখৰে হাতৰ গামখাৰু
 চেনাই বৰণীয়া কোন॥

(২)

ইফালে ফুলনি সিফালে ফুলনি
 চিঙু কোনখনি পাহি।
দুহাতে দুপাহি খোপাতে এপাহি
 চেনায়ে পেলাব হাঁহি॥

(৩)

ৰৈ ৰৈ ধেমালি কৰ ঐ নাচনী
 গৈ গৈ ধেমালি কৰ।
গাৰে কাপোৰকানি জুৰুলি জুপুৰি
 বান্ধৈ তই ধেমালি নেৰ॥

(৪)

তোমালৈ আনিছো সৰু দৈয়া জাপিটি
 আমালৈ আনিছা কি।
আনিছো গগনা ধনে বনাই দিয়া
 মাজত বালিচন্দা দি॥

(৫)

মহৰে গুৱালটি ৰংমন ককাইটি
 ডিঙি ভাঙি ভাঙি চাই।
নেমাতি মাতিলি নেহাঁহি হাঁহিলি
 সমধত একোটো নাই॥

(৬)

ক’ত মণিজৰি বাট ঐ চেনেহী
 এলেচি দুলেচি কৰি।
ক’ত কন্দাকটা কৰ গুণলতা
 মাৰৰ ডিঙিতে ধৰি॥