পৃষ্ঠা:বিহুগীত.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪৪ ◇


(৭)

পানী দেখি লাগিলে পানীৰে পিয়াহটি
 তোক দেখি লাগিলে দয়া।
সপোন সমাজিকে ফুৰু একেলগে
 কোনজন ঈশ্বৰৰ মায়া॥

(৮)

খাই ভালপালো চকলা টেঙাটি
 দেখি ভালপালো ফেঁচা।
গাখীৰৰ ফেনযেন ধনৰ যৌৱনযুৰি
 বৰকৈ নিদিবি হেঁচা॥

(৯)

চিৰিঙাই পৰিব মনত অ’ মইনা
 ঘুপুৰাই পৰিব মনত।
চিৰিঙাই এবেলি ঘুপুৰাই দুবেলি
 পৰে তিনিবেলি মনত॥

(১০)

চৰায়ে চৰায়ে চেনেহা চেনেহী
 আকুলি বিকুলি কৰি।
তুমিয়ে আমিয়ে পীৰিতি কৰিলো
 বুকুতে সাৱটি ধৰি॥

(১১)

হাতো লহঙী ভৰিও লহঙী
 তোমাকে বুলি যাম সোণ।
পঠালি কোলাতে তুলি লৈ আইজনী
 গাইযাম তোমাৰে গুণ॥

(১২)

পানীৰে বিমলা তুমি বগী হলা
 গাখীৰৰ নিচিনা ৰং।
ওলাওঁতে সোমাওঁতে ৰিহাখন পিন্ধোতে
 বলীয়া কৰিলি মন॥

(১৩)

ঢেকীটি মৰমত ধানকে নেবানো
 থোৰাটি মোহাৰি থাকোঁ॥