পৃষ্ঠা:বিহুগীত.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মিলন

(১)

হাতলৈ কিচাবি লিহিৰি পিহিৰি
 দাঁতলৈ কিচাবি ঘন।
এনে বগীতৰা সোণে গিলিপ মৰা
 লগত লৈ ফুৰিব মন॥

(২)

বৰনৈ শুৱনী বগীদৈ চাপৰি
 ননৈ শুৱনী বন।
মোৰ ধন শুৱনী যৌৱনৰ জুৰণি
 চিকুটি থাকিব মন॥

(৩)

অতিকৈ চেনেহৰ ফুলবাৰী পাতিলো
 তাৰ মাজত খৰিকা জাঁই।
অতিকৈ চেনেহৰ পীৰিতি কৰিলো
 থাকিবলৈ নেপালো চাই॥

(৪)

লুইতৰ শুৱনী উজাই মিৰিয়নি
 ডিবুৰু শুৱনী জীঞাঁ।
দেহিঐ চেনেহী লহঙী পহঙী
 গালতে এচুমা দিয়া॥

(৫)

শ’লে পানী খালে শালে পানী খালে
 ভুমুকা ভুমুকি কৰি।
আচলত চল লগাই ধনে পানী খালে
 নই থিয় গৰাত ধৰি॥

(৬)

চৰাইটি কান্দিব বনত অ' মইনা
 চৰাইটি কান্দিব বনত।
যোৰীয়া যৌৱনত হাত ফুৰাইগলি
 সদাই পৰি থাকে মনত॥