পৃষ্ঠা:বিহুগীত.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪২ ◇

আইহল অলীয়া আকুল পথিক পঢ়ি
 বোপায়ে বহাগীক পাই।
তুমিয়ে আমিয়ে বিহুগীত জুৰিলো
 যৌৱন সাগৰলৈ চাই॥

(২৩)

 ওখ পৰেবতৰ লতা
কিনো ৰুমাল গাঁথি দিছিলি চেনেহী
 মাজতে এচিটা ফঁটা॥

(২৪)

 কলৈনো আছিলি গৈ
চ'তৰে ছমাহ গল মহুৰা বাঁটোতে
 হাঁচতি নিদিলি বৈ॥

(২৫)

 হাঁচতি থৈছো বৈ
হাঁচতিহে পাবি মোকে যে নেপাৱ
 কান্দিবি আগতে লৈ।

(২৬)

 হাতলৈ গঢ়ালো খাৰু
তুমি শুবাবুলি তুলিখন বনালো
 মাদুৰি তুলাৰে গাৰু॥

(২৭)

 নহ’ব নাচনী আৰু
চোলাটো দিছিলি বুকুলৈ নাটিলে
 হাতলৈ নাটিলে খাৰু॥

(২৮)

 কঠালে কঁঠালে পেলালে মুচি
উলটি উভতি আৰু নাম নেগাবি
 যাগৈ ঘৰলৈ গুচি॥