পৃষ্ঠা:বিহুগীত.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উপসংহাৰ


 অসমীয়া লোক সংস্কৃতি বিহু আৰু বিহুতলিবোৰ আজি পাহৰণিৰ গৰ্ভত। কিন্তু বিহুতলিৰ আঁহত নাহৰ কিজোপাই হালিজালি অতীত স্মৃতি জীয়াই ৰাখিছে। আজি তাত ঢোলৰ ৰগৰ, পেঁপাৰ কিৰিলি, গগণা গাম খাৰুৰ ঝন ঝননি নাই। নাহৰ ফুলৰ গন্ধ পাই নাচনীৰ তৎনাই গচকি যঁতৰ নেভাঙে। চ’তে গই গই বহাগ নাহে। ভেবেলি লতাও নোফুলে। নাহৰৰ তলসৰা ঢোপাকলি ৰঙানীলা কপৌফুল লাহতী খোপাত গুজি ৰচকী নাচনীয়ে মিচিকি হাঁহি নেমাৰে। নাচি নাচি বৈ যোৱা জুৰুলি ঘামৰ টোপাল,পেঁপাৰ তিঁহিতি মাত, বিহুৰ পৰা পলাই যাওঁতে কাঁইটত থাকিযোৱা চাদৰৰ আগ ৰৈ ৰৈ প্ৰতিধ্বনি হোৱা বাউলি বিহুনামৰ কিৰিলি নাই যদিও মুক্ত প্ৰান্তৰৰ মাজত নৈ নিৰলাৰ কাষত বিস্তৃৰ্ণ ডালপাতেৰে চম্পা নাগেশ্বৰৰ ফুল ও প্ৰকাণ্ড গছ কিজোপা গম্ভীৰ মূৰ্ত্তিৰে আজিও জিলিকি আছে। এতিয়া তাত নীড় মুখি-পখীৰ অতীত বিচাৰি কৰুণ কোলাহল।
 কবিৰ ভাষাত গহিন বননি শুৱনি ফুলনি নিৰলা তটিনী কেতেকীৰ হীয়াভঙা বিননি অন্তৰ থকা মানুহৰ বাবে অবুজ গায়কৰ অজান কবিতা, প্ৰেমিকৰ হা-হুতাশ মিলন বিৰহৰ অস্ফুট ছবিৰে ৰিঙাৰিঙা নিৰলাৰ কোনোবা কোণৰ পৰা আজিও ৰৈ ৰৈ কৰুণ গীত এটি ভাহি আহে-

তোলৈ চাই ৰঙিলী  বান্ধি যাওঁ ডাঙৰী
 গৰা চপাই বান্ধি যাও নাও।

 
ঘিলামৰা
২০০২চন
শ্ৰীবুলন চিৰিং