পৃষ্ঠা:বিহুগীত.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৪০ ◇


ছাঁতে শুকুৱাই মুঠিতে লুকুৱাই
 কালৈ সামৰি থলি॥
নবঁও বুলি নবলো তোমালৈ গামোচা
 পাৰিত নেবাছিলো ফুল।
নিদিওঁ বুলি নিদিলো কেছফুলৰ বাবৰি
 তুমি হলা অজাতি কুল॥

(১৬)

ধাননি ধাননি নাহিবি কাঞ্চনী
 ধানপাতে কাটিব গা।
মোৰ যে কপালত যি হবৰ হইছে
 ঘৰলৈ উলটি যা।
কাটিলে কাটকে  ধানপাতে কাটক গা
 তালৈ নকৰো কাণ।
তোমাৰে কাৰণে দেহাটি নেৰাখো
 নেৰাখো দুখিনী প্ৰাণ॥

(১৭)

ৰেলআলি বন্ধালে কোনে অ’ চেনেহী
 গড়আলি বন্ধালে কোনে।
গচ্ছিধন ভাঙোতে চেনাই মন ভাঙিলে
 বুজনি দিবহি কোনে॥
কোনে মন ভঙানাই কোনে মন চিঙানাই
 আপুনি বিৰহিল মন।
মোৰে তাঁতশালে কৰ অহাযোৱা
 তোৰে মৰমীয়াল কোন॥

(১৮)

কেলৈ মইনা হাঁহিটি মাৰিলা
 চকুৱে চকুৱে চাই।
কেলৈ খুজিলা লং ফুলৰ গামোচা
 ববলৈ টোলোঠা নাই।
দুলুংনৈ পাৰহৈ হুলং গছ কাটিলো
 জিৰাই যাওঁ ধুবুনী ঘাট।
পৰুৱা শিপিনীৰ টোলোঠা কাটোতে
 আলষণী লাগিছে গাত॥