পৃষ্ঠা:বিহুগীত.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩৮ ◇


(৮)

চকুলৈ চালেতই মুখলৈ নেচাৱ
 কেলৈ এনেকুৱা হলি।
তোকে অ লাহৰি কোনে মন ভঙালে
 সোৱণশিৰি পৰীয়া বুলি।
কোনে মন ভঙা নাই কোনে মন চিঙা নাই
 আপুনি বিৰহিল মন।
মোৰ মূৰ ধুবলৈ ঘিলা খুজিছিলো
 সিনো কিমানৰ হ’ল।

(৯)

জীয়াঢল বাঢ়িলে মৰিঢল শুকালে
 দুলুং এৰাসুঁতি হ’ল।
যোৰফোঁট মাৰোতে দাপোণখন চাওঁতে
 যৌৱন কাল ভটিয়াই গ'ল॥
আয়ে নিদিয়ে পানী আনিবলৈ
 হাতত দুখপাবি বুলি।
বোপায়ে নিদিয়ে ছুৰীয়া ছতাইলৈ
 খাবলৈ নোজুৰে বুলি॥

(১০)

কাঁহৰে বাটিটি খিটিঙাই বাজিলে
 নেজানি বুলিলো কোন।
আহিব দিছিলো ফুটেকৈ গধূলি
 ভটিয়াই গলেগৈ জোন॥
বেলিপৰি আবেলি হকে ঐ চেনেহী
 জোন পৰি গধুলি হক।
ওচৰ চুবুৰীয়াই খকে ভাত পানী
 শতুৰু টোপনি যক॥

(১১)

নাজিৰা হাটলৈ ওলাইছা যাবলৈ
 আনিবা ওদালৰ ফণি।
সৰুকৈ বাটিবা মুগাৰে মহুৰা
 আনিম পোৱালৰে মণি॥