পৃষ্ঠা:বিহুগীত.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩৭ ◇


যোৱাতো বিহুতে গামোচা খুজিলো
 এইবাৰ কাটিছ পাঁজি॥
নলওঁ বুলি নললো কপৌফুল এপাহি
 নেখাওঁ বুলি নেখালো বেল।
নবওঁ বুলি নবলো  তোমালৈ গামোচা
 পাবিত দি কাঁজলি শেল॥

(৫)

যোৰফোঁট মাৰতি খোপা জোকাৰতি
 কথালৈ নকৰ কাণ।
ৰূপহী দেহাতে কেচাসোণ জলিছে
 আমাকো নকৰা দান॥
অঔ কোমলীয়া খাবকৈ নোৱাৰি
 ঢাপৰ কোমলীয়া পান।
অনেক মগনীয়া সুধিব পাৰো মই
 যৌৱন দান দিয়াতো টান॥

(৬)

কঢ়া কুমতীয়া মধুমতী শিঙিয়া
 দক্ষিণে বাসুদেউ পথাৰ।
পানী অনাচলে ঘাটলৈ আহিবা
 তাতে হম দুখৰে কথা॥
আয়ে নিদিয়ে নৈলৈ যাবলৈ
 পিছলি পৰিবি বুলি।
বোপায়ে নিদিয়ে ভদঙীয়া ডেকালৈ
 খাবলৈ নোজুৰে বুলি॥

(৭)

বামে পাই লাখুটি কেনেকৈ এৰিলা
 লেজুপাই এৰিলা জৰি।
কেনেকৈ এৰিলা থেৰেজু কলীয়া
 ৰাতিটো পীৰিতি কৰি॥
গাখীৰৰ চুঙাদৈ নেখালো চেনীদৈ
 চপাই নেপাৰিলো পাত।
চাকিৰে পোহৰত দাঁতৰ চিন দেখি
 বুকুলৈ নিনিলো হাত॥