পৃষ্ঠা:বিহুগীত.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উত্তৰা উত্তৰি গীত

(১)

আহোঁতে দেখোধন যাওঁতে দেখোধন
 ওলাই মৰিমৰি জোন।
মোৰে তাঁতশালে কৰ অহাযোৱা
 তোৰে মৰমিয়াল কোন॥
ওলাই দেখোধন সোমাই দেখোধন
 চাওঁ বেৰচুকে জুমি।
উজনি নামনি কেউৰাজ মাৰিলো
 আটাইতকৈ মৰমী তুমি॥

(২)

দিখৌৰ এসুঁতি দিচৈৰে এসুঁতি
 কেনেকৈ মিহলি হ’ল।
তুমি পুলিবৰ মই বিহুবৰ
 কেনেকৈ চিনাকি হ’ল॥
ধনে যাই বাটলৈ নাজিৰা হাটলৈ
 মই যাওঁ ঘাটলৈ বুলি।
বাটতে লগপাই হলো চিনাচিনি
 দুগালে দুচুমা দি॥

(৩)

হাতত ধৰিধৰি কলং পাৰহলো
 জাঁজি পাৰহলো ডেই।
পথাৰে পথাৰে বিচাৰি ফুৰিলো
 কওঁতা নহলে কেওঁ॥
ইফালে মৰি়ঢল সিফালে জীয়াঢল
 মাজত বালিচৰি সুঁতি।
পথাৰে পথাৰে বিচাৰি ফুৰা নাই
 দলনিত দাইছিলো মুঠি

(8)

চ'তৰে ছমাহ গ'ল তাঁত বাটি কৰোতে
 কেলৈ নামললি কাজী।