পৃষ্ঠা:বিহুগীত.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩৫ ◇

চেনেহী শুৱনী
মনৰে জুৰণি
পৰলৈ নিদিবা মন ঐ



   

ধনচেং ধনৰ মলা
ফুলচেং ফুলৰ মলা
ধনচেং ধনৰ মলা
ফুলচেং ফুলৰ মলা
আইদেউ দূপৰ বেলা
সইতে ৰাম তোমাকে পাম
জেঠেৰী বৈনাই মিলাই পেলাম॥

(৩৬)

চ’তে গই গই
পালেহি বহাগে
ফুলিলে ভেবেলি লতা





   

ধনশিৰী কনেঙা
ধনশিৰী কনেঙা
ঐ ধনশিৰী কনেঙা
ওঁঠৰ হাঁহি বিৰিঙা
ৰঙা ৰিহা পিন্ধিলৈ
ৰাতিবিহু চাবলৈ
সাজি কাচি আহিলা
সাজি কাচি আহিলা।

(৩৭)

এ পদুম
এ পদুম
এ পদুম
এ পদুম
এ পদুম
এ পদুম

   

মাছে মাৰিবলৈ
নিদোতোক যাবলৈ
বোকাপানী লাগিব গাত
কৰবাত কেনেবাকৈ
শিঙিয়ে ফুটিব
তোৰে কোমলীয়া গাত॥

(৩৮)

হাবি হেৰাপতা
দি যাওঁ বালিভেটা
জুনাই শামুকৰে




   

কেদৈ নেকেদৈ
কেদৈ নেকেদৈ
চুনৈ ঐ
কেদৈ নেকেদৈ
ভাদৈ লফাদৈ
মাদৈ কলিদৈ
বগীতৰা নললি
বগীতৰা নলনি নাম।