পৃষ্ঠা:বিহুগীত.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩৪ ◇

(৩৪)

মালিনী নহলে
ফুলবাৰী নজ্বলে
তেলে নাই নজ্বলে








মইনী নহলে
মোৰ হৃদয় নজ্বলে
কাকে দিম জীৱনটি বাকি








   



চাকি আইটী জিলিমিল
কৰে আইটী জিলমিল
গাত গা লাগিব
চাবা আইটী জিলমিল
লৈ লাহেকৈ আঁতৰি
যাবা আইটী জিলমিল
সৰে আইটী মুকুতা
জ্বলে আইটী মুকুতা
কেচাসোণ বৰষে
কেচাসোণ বৰষে গাত॥


আইটী জিলমিল
কৰে আইটী জিলমিল
গাত গা লাগিব
চাবা আইটী জিলমিল
লৈ লাহেকৈ আঁতৰি
যাবা আইটী জিলমিল
সৰে আইটী মুকুতা
জ্বলে আইটী মুকুতা
কেচা সোণ বৰষে
কেচা সোণ বৰষে গাত॥

(৩৫)

নইৰে শুৱনী
গঙাকৈ চিলনী
পথাৰ শুৱনী বন ঐ



   

ধনচেং ধনৰ মলা
ধনচেং ধনৰ মলা
ধনচেং ধনৰ মলা
ফুলচেং ফুলৰ মলা
আইদেউ দুপৰ বেলা
সইতে ৰাম তোমাকে পাম
জেঠেৰী বৈনাই মিলাই পেলাম॥