পৃষ্ঠা:বিহুগীত.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ৩৩ ◇






   

দেখি নোভাল লাগে আইটী
ককাল টিয়ে সৰু আইটী
লিচিক্ লিচিক্‌ ভাগে আইটী
মোৰধন চেনাইটি অই
তোৰে কিনো শুৱলা
তোৰে কিনো শুৱলা মাত॥

(৩২)

চমকত চাবলৈ
নহওঁ মই বিজুলি
নহওঁ মই বোৱতী




চৰয়ো নহলো
উৰিগৈ চাবলৈ
দুহাতে দুপাহি লৈয়ে


   

অ’ সৰুফুল ফুল ফুলি আছে
অ’ সৰুফুল ফুল ফুলি আছে
নৈয়ে সৰুফুল ফুল ফুলি আছে
অ’ সৰফুল চিঙু চিঙু লাগে
অ’ সৰুফুল চিঙিবৰ সময়ত
অ’ সৰুফুল মনত বেয়া লাগে
অ’ সকফুল ফুলি ফুলি আছে
অ’ সৰুফুল ফুলি ফুলি আছে
সৰুফুল ফুল ফুলি আছে
অ’ সৰুফুল চিঙু চিঙু লাগে
অ’ সৰুফুল চিঙিবৰ সময়ত
অ’ সৰুফুল মনত বেয়া লাগে

(৩৩)

তোকে চাই চাই
বিষাল চকুদুটি
থিয় হৈ বিষালে ভৰি ঐ



কোনে স্বৰজিলে
তোকে অ’ চেনেহী
মৰম নাইকীয়া কৰি ঐ


   

ৰিজু বিজু বিজুবন
ৰিজু বিজু বিজুবন
ৰিজু বিজু বিজুবন
ফুলি আছে বৃন্দাবন
চিঙু চিঙু লাগে মন
চিঙিবলৈ নোৱাৰো মই।
ৰিজু বিজু বিজুবন
ৰিজু বিজু বিজুবন
ৰিজু বিজু বিজুবন
ফুলি আছে বৃন্দাবন
চিঙু চিঙু লাগে মন
চিঙিবলৈ নোৱাৰো মই॥