পৃষ্ঠা:বিহুগীত.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত◇ ৩২ ◇

(২৭)

 হাবিয়াহ নপলাই মোৰ
যৌৱন বান্ধিললো হাতৰে মুঠিতে
 গঙাত মৰিগলো বুৰ॥

(২৮)

 যৌৱন জয়ী হ’ব কোন
কচুহলে খজুৱাই শাহুহলে নচোৱাই
 ৰাতি হ’লৈ উজ্বলে জোন॥

(২৯)

 দেহাহল ডিহিঙৰ গৰা
যৌৱন গলে যখিনী ৰূপ গলে শাঁখিনী
 প্ৰেমগলে পপীয়া তৰা॥

(৩০)

 পথাৰ ঢাকি পৰিলে কাম
গাই গাই থাকিলে আধ্যা নপৰে
 যৌৱনৰ বলীয়া নাম॥

(৩১)

ফুলমই নহ'লো
ডালত ফুলিবলৈ
নহ'লো কলীয়া কুলি ঐ








সৰবজান নহলো
তোৰে মন পাবলৈ
তেনেকৈ এৰিবি বুলি ঐ

   

তাঁত খুটা ঘিলাজৰি
তাঁত খুটা ঘিলাজৰি
তাঁত খুটা ঘিলাজৰি
তাতে থাকে মইনা বহি
মিচিক্‌ মিচিক্‌ হাঁহে আইটী
দেখি নোভাল লাগে আইটী
ককাল টিয়ে সৰু আইটী
লিচিক্‌ লিচিক্‌ ভাগে আইটী
মোৰধন চেনাইটি অই
তোৰে কিনো শুৱলা
তোৰে কিনো শুৱলা মাত॥
তাঁত খুটা ঘিলাজৰি
তাঁত খুটা ঘিলাজৰি
তাঁত খুটা ঘিলাজৰি
তাতে থাকে মইনা বহি
মিচিক্‌ মিচিক্‌ হাঁহে আইটী