পৃষ্ঠা:বিহুগীত.pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অশ্লীল বা শ্ৰুতি ত্ৰুটুৰ বুলি ভবা শব্দ অদল বদল কৰি স্থান কাল মান পাত্ৰ অনুসৰি সুৰসমলয়ত গায়ক গায়িকা সকলে পৰিবেশন কৰা দেখা যায়।
 আদি ৰসৰ এই বনগীত বিহুগীত আইনাম ধাইনামবোৰ অসমীয়া ভাষা সাহিত্যৰ এক চহকী কৃষ্টি কলা ও অপূৰণীয় অঙ্গ। এই মহাৰ্য পুথিবোৰ আমাৰ মাজত তেনেই কম। যিকেইখন আছে তাৰো বহুল প্ৰচাৰ নাই। ফুলকোঁৱৰ মণিকোঁৱৰ জনাগাভৰুৰ গীত আজি সম্পূৰ্ণ বিলুপ্তি পথত। যতিপৰায়ণ শৰ্মাদেৱৰ চেনেহীৰ বিহুতলিৰ পৰা আৰম্ভ কৰি আকুল পথিক প্ৰেমিকুঁহি যৌৱন সাগৰ বিহুগীত আৰু বনঘোষা বিহুগীতে ৰিঙিয়াই পৰা ভূঞাদেৱৰ বহাগী আদিলৈকে বনৰীয়া নাম বিহুনামৰ যি কেইখন যৌন গন্ধী প্ৰেমগীতিৰ পুথি আছে সি সংখ্যাত কম ও প্ৰচাৰৰ অভাৱত মৃতপায় অৱস্থা।
 পুথিখন সংকলন কৰোতে সাহিত্যিক পেঞ্চনাৰ শ্ৰীউমেশ চেতিয়াদেৱে উপদেশাদিৰে সহায়ৰ হাত আগবঢ়ালে।
 শ্ৰীবিদ্যাধৰ দেউৰীদেৱৰ চাজেবাৰ পৰা পোৱা গীতখিনি বিহুগীতৰ ৰূপ দিয়া হ’ল। বন্ধুবৰ শ্ৰীভূপতি বৰুৱা শ্ৰীমোহন চন্দ্ৰ হাজৰিকা শ্ৰীঘন সোণোৱালদেৱৰ সংযুক্ত সংকলন সোণোৱাল কছাৰী হাইদাং ও হুঁচৰি গীত ও অন্যান্য সহায়ক তথ্যপাতি সংগ্ৰহৰ গইনা লৈ হাইদাং ও হুঁচৰি গীতখিনি যুগুত কৰা হ’ল।
 আনন্দ বাগানৰ শ্ৰীতুলাৰাম বৰাইকৰ সৌজন্যত শ্ৰীমান দিলীপ চিৰিঙ ও হোমেন নায়কৰ সহযোগত ঝুমুৰ গীতমাতখিনি পাবলৈ সমৰ্থ হ'লো।
 তদুপৰি যি সকল জ্ঞাত-অজ্ঞাত লোকে গীত পদ দি লেখি বা দেখি শুনি অথবা শুনাই সম্পাদন কাৰ্য্যত সহায় কৰিলে সেই সকলো সু-হৃদ বন্ধুলৈ হিয়াভৰা ওলগ জনালোঁ।
  সদৌ শেষত ধেমাজি বুক ষ্টল এণ্ড অফ্‌চেট প্ৰিণ্টাৰ্চৰ স্বত্বধিকাৰ শ্ৰীনৱ কলিতাদেৱে কিতাপখন ছপাই ৰাইজৰ মাজলৈ উলিয়াই দিয়াত কৃতজ্ঞতা জ্ঞাপন কৰিলো।

ধেনুখনা
০১।০৮।২০০২

শ্ৰীবুলন চিৰিং