পৃষ্ঠা:বিহুগীত.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
◇ বিহুগীত ◇ ৩০ ◇


তোকে অ’ চেনেহী কোনে মন ভঙালে
 ধনশিৰী পৰীয়া বুলি॥

(১৪)

নৈৰে চন্দোৱা বালি অ’ পৰুৱা
 ডিবুৰুৰ মটীয়া জীঞাঁ।
অকলে লগদি পগলা কৰিলি
 পাতিব নোৱাৰো বিয়া॥

(১৫)

ৰিহাত বাছিলো ৰাঙলী ডবুৰা
 চেলেঙত বাছিলো গুণা।
ধনক বাছি ললো সৰুভাই যোৰীয়া
 ভাঙিব নোৱাৰো কেণা॥

(১৬)

নৈয়ে এৰিলে ন-খন দলনি
 বগে এৰি গলে ঘাট।
চেনায়ে এৰিলে মৰম কোমলীয়া
 দেখিলে নিদিয়ে মাত॥

(১৭)

সৰুতে পিতাদেউ জকাই সাজিদিলা
 নালতো বিন্ধিলে ঘুণে।
দিখৌ পাৰেকৰি দিলা বিয়াকৰি
 সৰুমাছ মাৰিব কোনে॥

(১৮)

ইয়ে বোলে পদুমী সিয়ে বোলে পদুমী
 পদুমীক পাবলৈ নাই।
মহগড়ৰ মুখতে পদুমী কান্দিছে
 বুজনি দিওঁতা নাই॥

(১৯)

চৰাইটি কান্দিব কুটুবাং কুটুবাং
 কণীযোৰ পাৰিব বনত।
ব-বাটিছিলো সূতা কাটিছিলো
 তোমালৈ পৰিব মনত॥