পৃষ্ঠা:বিহুগীত.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২৯ ◇


(৭)

মাৰৰ নোমলীয়া হলি ঐ চেনেহী
 মাৰে নিদিয়ে মোক।
জাকৰ ধেমেলীয়া হলি গুনেশ্বৰী
 এৰিব নোৱাৰো তোক॥

(৮)

ৰঙত দিগলি ৰংফুলৰ গামোচা
 খঙত দিগলি ভুকু।
যাবৰে সময়ত চকুতে চকুদি
 উদং কৰি গলি বুকু॥

(৯)

জপাত মলঙিলে জপাৰ বৰকাপোৰ
 ধপাত মলঙিলে গাপত।
মাকৰ ঘৰতে জীয়েক মলঙিলে
 নিদিলে যৌৱন কালত॥

(১০)

চাহপাত চিঙিলো চতাইতে মেলিলো
 তেতেলি পতীয়া হ'ল।
শহুৰৰ জীয়েকটি বাটত দেখাপালো
 পুৰ্ণিমাৰ জোনযেন হ’ল॥

(১১)

ফুলকাটি ফুলবাৰী পাতিলো লাহৰী
 ঢোপাকলি মৰহি গ'ল।
কইনা বৰণৰ মইনা পোহিলো
 সজাভাঙি মুকলি হ’ল॥

(১২)

ডিবুৰুত কিনিলো ফুলৰে হাঁচতি
 চিচিমুখত বদলি হ’ল।
তৰাদৈ গাভৰুক বিয়াকৰি আনি
 খুটিৰ ম'হ বিকৰে গ'ল॥

(১৩)

চতাইকৈ বাটিলি মুগাৰে মহুৰা
 থিয়কৈ বান্ধিলি চুলি।