পৃষ্ঠা:বিহুগীত.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাগ

(১)

হাতেচাই হৰিলী গঢ়ালো আঙঠি
 খাজিলো চপৰা সোণে।
পুৱাকৈ গধূলি নেদেখো হৰিলী
 তোৰে মন ভঙালে কোনে॥

(২)

হাততো নেখাওঁ মই পাততো নেখাওঁ মই
 নেখাওঁ লখাই তৰাৰ পানী।
তোমাকে নেপালে নেচাওঁ ঐ আনলৈ
 দেহাটি নকৰো হানি॥

(৩)

ভুকুৱাই ভাঙিলো কাঠৰে নঙলা
 জপনা ভাঙিলো গুৰত।
ঘুনুচা কাঠৰে ফণি সাজিদিলো
 এফেৰি নেদেখোমূৰত॥

(8)

আহু গঙাজলে নিলে ঐ চেনেহী
 শালি গঙাজলে নিলে।
জাকৰে মাজৰে তোমাক বাছি ললো
 দিখৌ পাৰেকৰি দিলে॥

(৫)

ধনে বনাইদিয়া জেঙু পাতৰ বিচনী
 ধনে বনাই দিয়া পাটী।
ধনো নাহিলে বাতৰি নিদিলে
 টোপনি নাহিলে ৰাতি॥

(৬)

তোৰে চেঙাগৰু মোৰে চেঙাগৰু
 হালীকে হালতে যোৰো।
যোঁতৰ জৰিচিঙি খালে ধানৰ মুঠি
 ধনৰে কপিলা গৰু॥