পৃষ্ঠা:বিহুগীত.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২৬ ◇

সাঁচিধন ভাঙোতে চেনাই মন ভাঙিলে
 নেথাকো ডিবুৰুগড়ত৷

(৪০)

ই বনত ফুলিলে
সি বনত ফুলিলে
বগী জামুকৰে পুলি



খোৱাৰো নহলি
পিন্ধাৰো নহলি
চকুৰে পুৰণি হলি

   

জানৈ বৰনৈ মাজুলী
জানৈ বৰনৈ মাজুলী
জানৈ বৰনৈ মাজুলী
জানৈ কঁহুৱা বননি
জানৈ তুমি ফুল বোটলা
জানৈ ওমলি ওমলি
জানৈ বৰনৈ মাজুলী
জানৈ বৰনৈ মাজুলী
জানৈ বৰনৈ মাজুলী
জানৈ কঁহুৱা বননি
জানৈ তুমি ফুল বোটলা
জানৈ ওমলি ওমলি॥

(৪১)

তোকে চাই চাই
বিষাল চকুদুটি
থিয় হৈ বিষালে ভৰি।
কোনে স্বৰজিলে
তোকে ঐ চেনেহী
মৰম নাইকীয়া কৰি

   






ঐ মাধৈ ফুল
তোৰ লগত বিয়াকুল
পেটলৈ যোৱা নাই
ভাতে ঐ মাধৈ ফুল
তোৰ লগত বিয়াকুল
কলৈ যাওঁ কি কৰো লাগে॥

(৪২)

নৈয়েদি উজাই যাওঁ
মইনা মন বুজাই যাওঁ
দুটি সৰু হাতত ধৰি

   

অ’ বনলতা
অ’ বনলতা
বনলতা
ৰূপৰ পানে বটা
তুমি তামোল কটা