পৃষ্ঠা:বিহুগীত.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২৫ ◇


(৩৩)

নৈত গা ধুবলৈ এৰিলো চেনাই ঐ
 নৈ গৰা খহিবৰ পৰা।
আঁহত গুৰি বিহুলৈ যাবলৈ এৰিলো
 বগীতৰা নহবৰ পৰা॥

(৩৪)

হাবি অঔটেঙা গোন্ধাই বিৰাজৰা
 নেখাই বা থাকিব কোনে।
ইলাচী বিলাচী লঙে দালচেনি
 নেচাই বা থাকিব কোনে॥

(৩৫)

গধূলি বেলিয়া আলিত লালিপাতি
 জাকৈয়ে ছোৱালী যাই।
দেখো সকলোকে নেদেখো তোমাকে
 মোৰ ধন চেনেহী নাই॥

(৩৬)

হাতেচাই হৰিলী গঢ়ালো আঙঠি
 দিলো বালিচন্দা মাজত।
পুৱাকৈ গধূলি নেদেখো চেনেহী
 তোৰে হেঙুলীয়া হাতত॥

(৩৭)

নালেনাই বিচনী নেলাগে নাচনী
 মৰম নাই নেলাগে চাব।
ওলাওঁতে সোঁমাওতে দাপোনখন চাওঁতে
 যৌৱন কাল ভটিয়াই যাব॥

(৩৮)

ইখনি সিখনি ধনলৈ দুখনি
 বিহুৱান গামোচা বলো।
আইৰে ভয়তে দিব নোৱাৰিলো
 মই কাজী অথলে গলো।

(৩৯)

যোঁজত ভাঙিগলে ম'হৰ শিং কেকোঁৰা
 যৌৱন ভাঙিগলে প্ৰেমত।