পৃষ্ঠা:বিহুগীত.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২৪ ◇


সাৰপাই দেখিলো ধনৰে গামোচা
 শিতানত পাহৰি গ'ল।

(২৭)

আইমান নেপালো নেখায়ে খুউৱা
 নৈমান নেপালো বোৱা।
তোৰেমান এজনী নেপালো মাজনী
 চকুৱে পীৰিতি কৰা।

(২৮)

নৈৰে চন্দোৱা বালি অ’ পৰুৱা
 ইটাৰে বন্ধোৱা ঘাট।
ৰাতিয়ে ৰাতিটো পীৰিতি কৰিলো
 দিবলৈ নেপালো হাত॥

(২৯)

ৰঙত জিলিকিলে ৰঙাকৈ হাঁচতি
 হাঁহিত জিলিকিলে চকু।
বহোতে জিলিকিল ককালৰ খনীয়া
 উঠোতে জিলিকিল বুকু॥

(৩০)

ধনলৈ বুলি খুন্দো পিঠাগুৰি
 পৰুৱাই পিপৰাই খাই।
চাবে দিবা গাখীৰত মোলান পৰিগল
 সোন্দাকল মৰহি যাই॥

(৩১)

ৰঙত মাৰিগলি ৰংফুলৰ হাঁহিটি
 গঙাত মাৰিগলি বুৰ।
ধেমালি চলেৰে চিকুট মাৰিগলি
 টোপনি নাহিলে মোৰ॥

(৩২)

খোৱাই পঠিয়ালে দেৱাকৈ কৰ্কৰা
 ধোৱাই পঠিয়ালে ভৰি।
সজাই পঠিয়ালে চাকিৰে পোহৰত
 তেতেলি পিলিঙা কৰি॥