পৃষ্ঠা:বিহুগীত.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২৩ ◇


(২০)

গাখীৰৰ চুঙাদৈ খোৱালি চেনীদৈ
 চপাই পাৰিছিলি পাটী।
সপোনত মইনাজান দিছিলি প্ৰেমদান
 টোপনি নাহিলে ৰাতি॥

(২১)

হাতত ধৰি ধৰি কলং পাৰ হলো
 জাঁজি পাৰহলো ডেও।
ধনকে বিচাৰি ফুৰো অনাই বনাই
 কওঁতা নহলে কেওঁ॥

(২২)

আৰ্চীৰ কনুৱা কণুৱা  গণ ঐ মইনা
 আৰ্চীৰ কণুৱা গণ।
ৰাখিব পাৰো মই হাতৰ পানী চলু
 ৰাখিব নোৱাৰো মন॥

(২৩)

ঢেঁকী টি মৰমত  ধানকে নেবানো
 থোৰাটি মোহাৰি থাকো।
চেনাইটি মৰমত গাঁৱকে নোফুৰো
 বুকুতে সাৱটি থাকো॥

(২৪)

এইবেলি আহুধান দাবলৈ নেপালো
 বৰণৈ বৰনৈ পানীয়ে নিলে।
এইবেলি বিহুলৈ যাবলৈ নেপালো
 মতামহ ৰখীয়া দিলে॥

(২৫)

সোৱণশিৰি নৈখন ইমানে সিমানে
 চুলিমেলি মাৰিলো বুৰ।
ৰাতিয়ে ৰাতিটো ভাঙিলো পাতিলো
 কথাৰে নপৰিল ওৰ॥

(২৬)

ই নৈত দেখিলো দেও ডঁৰিকণা
 সি নৈত দেখিলো শ'ল।