পৃষ্ঠা:বিহুগীত.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২২ ◇

চিৰিঙাই উঠিলে চেনাইৰে মনটি
 ধনে এগাভেটা কৰা॥

(১৪)

নালেনাই বিচনী কেলৈ বনাইছিলা
 নপৰে বতাহৰ বা।
কেলৈ কলিমতি  ওলাই দেখাদিলা
 বনজুই জলিছে গা॥

(১৫)

বৰনৈ থিয়ঘাট  বাৰিষা পিচল বাট
 ভৰা লুইতৰে গৰা।
যোৰফোঁট মাৰিলৈ ধনে যাই ঘাটলৈ
 সাইলাস তামুলী তৰা॥

(১৬)

ইফালে দুবৰি সিফালে দুবৰি
 ধনে পানী অনা ঘাট।
উলটি পালটি নেচাবি মালতী
 পিচলি পৰিবি তাত॥

(১৭)

গাখীৰৰ চুঙাদৈ খোৱালি চেনীদৈ
 পিয়লা বাটিতে বাকি।
নজনা পীৰিতি কেনেকৈ শিকালি
 খনীয়া কাপোৰে ঢাকি॥

(১৮)

তোলৈচাই ৰঙিলী নেলাগে আমনি
 টোপনি নধৰে শুই।
মাজতে কলংনৈ ইপাৰে সিপাৰে
 দুপাৰে দুকুৰা জুই॥

(১৯)

বাটৰে বটুৱা কটাৰি ডবুৱা
 ঘাটৰে ঘটীয়া বন।
সৰুৰে পৰা পীৰিতি কৰিলো
 নেপালো তোমাৰে মন॥