পৃষ্ঠা:বিহুগীত.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ২১ ◇


(৭)

কলৈ গৈ আছিলি পিজলী গাভৰু
 সময়ত পাবলৈ নাই।
বাৰে শতুৰুৱে ফুচুলাই নিবগৈ
 তোকে সোণ অকলৈ পাই॥

(৮)

নই চেঙেলীয়া গৰা কোমলীয়া
 তৰা কোমলীয়া পাত।
ধনে ধেমেলীয়া মন চেঙেলীয়া
 লগাই পিচৰপৰা মাত॥

(৯)

কলৈ যোৱা সেলেঙী কলৈ যোৱা পেলেঙী
 লগত সৰুভনী লৈ।
ৰঙা ৰিহা খনি কৰে তিৰেবিৰে
 তামোল খাই যোৱা ৰৈ॥

(১০)

পান বেহাই গলো মেকুৰী কণীয়া
 তামোল বেহাই গলো ফালি।
ধনে গুৱাহাটী বেহাই যাওঁ এৰাতি
 দেহাটি জুৰণি কৰি।

(১১)

চলেচাই পীৰিতি কৰিবি ললিতী
 সময় চাই লগাবি মাত।
আবেলি বেলিয়া ঘাটলৈ যাওঁতে
 সাবুটি ধৰিবি গাত॥

(১২)

চৰাইটি কান্দিব কুটুবাং কুটুবাং
 কণীযোৰ পাৰিব বনত।
ব-বাটিছিলো সূতা কাটিছিলো
 ধনলৈ পৰিব মনত॥

(১৩)

ভুৰুঙাই উৰিলে কিৰিঙা ভাটৌটি
 মাইজান বাগিচাৰ পৰা।