পৃষ্ঠা:বিহুগীত.pdf/২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পাতনি

 

 বিহুগীত। বনগীত বিহুগীত আদি সমলখিনি নানা বন উপবনৰ পৰা বুটলি অনা তলসৰা। বহুত দিনৰ আগতেই গীত-মাতখিনি সংগ্ৰহ কৰি থোৱা হৈছিল। ১৯৯৭ চনত ডিব্ৰুগড়ৰ প্ৰখ্যাত ভট্টাচাৰ্য্য এজেঞ্চি দেৱে লিখকৰ সম্পাদিত বিহুগীতে ৰিঙিয়াই নামেৰে গীত মাতৰ এখনি সৰু আকাৰৰ পুথি প্ৰকাশ কৰি উলিয়াইছিল। খৰধৰকৈ উলিয়াব লগাত চাহিদা অনুসৰি সম-সংখ্যক পুথি সময়ত ছপাই উলিয়াব পৰা নহ'ল।
 কম সময়ৰ ভিতৰতে পুথিখন শেষহৈ গ'ল। বসন্ত আগমনৰ সময় ছোৱাত পঢ়ুৱৈ সমাজে পুথিখন বৰকৈ বিচাৰিবলৈ ধৰিলে। এনে ধৰণৰ পুথি এখন প্ৰয়োজন অনুভৱ হ’ল। গতিকে অৱহেলিত হৈ থকা পুৰণা গীতমাতখিনি সজাই কিছু নতুন গীত-মাত লগ লগাই এখন পৰিবৰ্ধিত আকাৰৰ পুথি বিহুগীত নাম দি উলিওৱা হ’ল। বিহুগীত পুথিখন সুধি সমাজৰ হেঁচাতেই জনম বুলি ধৰিব লাগিব।
 কেতিয়াবাই সংগ্ৰহ কৰি থোৱা গীতখিনি উপযুক্ত বাতাবৰণৰ অভাৱত অৱহেলিত হৈ পৰি আছিল। সামৰি থওঁতে বহুত গীত আগৰ ৰূপত পোৱা নহ’ল। গীত—মাতখিনি চল্লিশ ও পঞ্চাশ দশকৰ মাজ ভাগত থলিতে সংগ্ৰহ কৰি থোৱা হৈছিল। ঠিক সেই সময়ছোৱাৰ পৰাই বিহুৱে লাহে লাহে গছতল এৰিবৰ উপক্ৰম কৰিলে। আজি সেইসকল ডেকা-গাভৰু নাই। লগৰ সমনীয়াও প্ৰায় নাই। যাক সুধি পুৰণা নাম গুণবোৰ পুনৰুদ্ধাৰ কৰিব পৰা হ'লহেঁতেন। গতিকে সেইখিনিকে নতুন ৰং ৰূপদি সজাই পৰাই উলিয়াব লগাত পৰিল।
 বনগীত, বিহুগীত আদি গীতবোৰ আজিৰ চাম ডেকা-গাভৰুৰ আওকণীয়া মনোভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে। বনৰীয়া নাম বিহুনাম আদিৰ ঠাইত বনগীত বিহুগীত আখ্যা দিয়া হৈছে। মুকলি পথাৰৰ সৰল সহজ বিহু আহি নগৰৰ নিয়ন লাইতৰ মঞ্চত উঠিলহি। বহুতৰ মতে পৌৰাণিক এই গীতবোৰ অশ্লীল আৰু শ্ৰুতি কটুৰ। ঢোল পেঁপা গামখাৰু গগণা এঢ়ি মুগাৰ চাদৰ চেলেং পাট মেজাঙ্কৰিবোৰ বিলুপ্তিৰ পথত। বিয়া বিহু পূজা পাৰ্বনাদি সামাজিক উৎসৱবোৰ কৃষ্টি কলাৰ পৰা আঁতৰি বঙলুৱা ৰহণ পৰি পাবত গজা পৰিবেশ এটা গা কৰি উঠিছে।
 নকুল চন্দ্ৰ ভূঞাদেৱৰ সম্পাদিত বহাগীত, বনগীত, বিহুগীত হঁচৰি গীত গৰখীয়া গীত (Postoral Ballads) আদি সুন্দৰভাৱে সজাই বৰ্ণনা কৰা হৈছে। প্ৰকৃততে বনগীত বিহুগীতবোৰ একেধৰ্ম্মীয়। সকলো গীতকে সকলো উৎসৱ পাৰ্বনত দুই এটা