পৃষ্ঠা:বিহুগীত.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিৰহ

(১)

চৰাইটি ধুনীয়া  পাখি বিনন্দীয়া
 মাছেটি ধুনীয়া মোৱা।
কিনো মায়াজালত  পেলালি চেনেহী
 নেদেখো গধূলি পুৱা॥

(২)

হাতলৈ কি চাবি লিহিৰি পিহিৰি
 চকুদুটি বিজুলি বাতি।
মুখলৈ চালে তই দিয় হাঁহি মাৰি
 টোপনি নধৰে ৰাতি॥

(৩)

চকলা টেঙাটি অকলে নেখাবি
 অকলে নেখাবি বেল।
নৈৰে ঘাটলৈ অকলে নেযাবি
 বাটত ডেকালৰা মেল॥

(৪)

চিতিকি চিবনে বনে ঐ চেনেহী
 চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
 ওমলি থাকিব মন॥

(৫)

বৰশী লুভীয়া চেঙেলী লুতুপা
 টেকেলী লুভীয়া দৈ।
ছোৱালী লুভীয়া গাঁৱৰ ডেকাল’ৰা
 থাকে পানীঘাটত ৰৈ॥

(৬)

আয়ে নিদেয়ে নৈলৈ যাবলৈ
 পিছলি পৰিবি বুলি।
বোপায়ে নিদিয়ে গাঁৱলৈ যাবলৈ
 ডেকা ল'ৰাই ভঙাব বুলি॥