পৃষ্ঠা:বিহুগীত.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১৯ ◇

(৩০)

চৰাইটি চিকুণে
চৰাই মনোমতী
মাছৰে চিকুণে মালী।
চেনেহী চিকুণে
এখনি দাপোণে
মুখত মিচিকিয়া




   

হাঁহি ঐ মাধৈ ফুল
তোৰ লগত বিয়াকুল
পেটলৈ যোৱা নাই
ভাতে ঐ মাধৈফুল
তোৰ লগত বিয়াকুল
কলৈ যাওঁ কি কৰো লাগে৷

(৩১)

নৈয়েদি উজাই যাওঁ
মইনা মন বুজাই যাওঁ
দুটি সৰু হাতত ধৰি




গাৰে কেছা মঙহ
কাকো নিবিলাবি
এথানি এবানি


   

অ গুণলতা
অ গুণলতা
গুণলতা
ৰূপৰ পানেবটা
তুমি তামোল কটা
খাৱে গুণলতা
তুমি তামোল কটা খাওঁ৷
অ গুণলতা
অ গুণলতা
কৰি গুণলতা
ৰূপৰ পানে বটা
তুমি তামোল কটা
তুমি তামোল কটা খাওঁ॥

(৩২)

তোমাৰে দেহাটি
পদুমৰ পাহিটি
স্বৰগৰ মুকুতা সৰে ঐ

খোজত হালেজালে
চুলে জঁইপৰে
মনে মোৰ কেনেবা কৰে ঐ

   

চেং চেং ভক্‌ ভক্
চেং চেং ভক্‌ ভক্‌
চেং চেং ভক্‌ ভক্‌
চেং চেং ভক্‌ ভক্‌ কৰে।
চেং চেং ভক্‌ ভক্
চেং চেং ভক্‌ ভক্
চেং চেং ভক্‌ ভক্‌
চেং চেং ভক্‌ ভক্‌ কৰে।