পৃষ্ঠা:বিহুগীত.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১৮ ◇


মোৰে দুখৰ বেদনা
হাঁহিবা নে কান্দিবা॥

(২৭)

তোলৈ চাই ৰঙিলী অ' ৰহিমলা
বান্ধি যাওঁ ডাঙৰি অ' ৰহিমলা
গৰাচপাই বান্ধি যাওঁ নাৱে ৰহিমলা
 খোপাত বননালা
 ৰঙাৰিহা পিন্ধি
 বৰণটি সলালা

(২৮)

চ’তে গই গই ধনশিৰী কনেঙা
পালেহি বহাগে ধনশিৰী কনেঙা
ফুলিলে ভেবেলি লতা ঐ ধনশিৰী কনেঙা
 ওঁঠৰ হাঁহি বিৰিঙা
 ৰঙাৰিহা পিন্ধি লৈ
 ৰাতি বিহু চাবলৈ
 সাজি কাচি আহিলা॥

(২৯)

ই বনত ফুলিলে
সি বনত ফুলিলে
বগী জামুকৰে পুলি


খোৱাৰু নহলি
পিন্ধাৰো নহলি
চকুৰে পুৰনি হলি

   

জানৈ বৰনৈ মাজুলী
জানৈ বৰনৈ মাজুলী
 জানৈ বৰনৈ মাজুলী
 জানৈ কঁহুৱা বননি
 জানৈ তুমি ফুল বোটলা
 জানৈ ওমলি ওমলি
 জানৈ বৰনৈ মাজুলী
 জানৈ বৰনৈ মাজুলী
 জানৈ বৰনৈ মাজুলী
 জানৈ কঁহুৱা বননি
 জানৈ তুমি ফুল বোটলা
 জানৈ ওমলি ওমলি॥