পৃষ্ঠা:বিহুগীত.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিহুগীত- ১৭


(২০)

 চিতিকি চিবনে বন।
চিতিকি চিবনে দুটি যউবনে
 ওমলি থাকিব মন॥

(২১)

 বিমলা তোমাৰে নাম।
বিমলা তোমাকে নেপাব লাগিলে
 ডিবুৰু এৰি থৈ যাম॥

(২২)

 কাণত জিলেমিলাই সোণে
দাঁতৰ জিলিকনি মুখৰ মিচিকনি
 তোকে চাই থাকিব কোনে॥

(২৩)

 তামোল কাটি দিয়া খাওঁ
ওলাই সমিধান দিয়া অ’ পদুমী
 আমি ৰজাঘৰে যাওঁ॥

(২৪)

 পথাৰৰ শুৱনী বন
চেনেহী শুৱনী লহঙী পহঙী
 লগত লৈ ফুৰিবৰ মন॥

(২৫)

 পথাৰ ঢাকি পৰিলে কাম
বনগীত গাই গাই এ আধ্যা পৰিলে
 ডাকি বোলা ৰামৰাম॥

(২৬)

চমকত চাবলৈ
নহওঁ মই বিজুলি
নহওঁ মই বোৱতী নৈ অঐ নৈ পানী ঐ বঢ়ানাই ঐ
 নাহৰ ফুলো ফুলা নাই ঐ
 শুনা নাই ঐ কেতেকীৰ
 মাতে হেৰা অঞ্জনা
 কলেজানো বুজিবা