পৃষ্ঠা:বিহুগীত.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১৬ ◇


কোনে দিব চেনেহী দিখৌ নৈ ওপৰে
 নাচনী যাবলৈ সাঁকো॥

(১৪)

দেহেহল অলীয়া দেহেহল বলীয়া
 দেহা দেইপুৰি মৰে।
তামোল হোৱাহলে ফালি চালোহেঁতেন
 কিহে মোক আমনি কৰে॥

(১৫)

তললৈ মূৰকৈ অ' মোৰ ফুলঁতী
 কি ফুল বাছিলি তই।
ৰঙাৰিহা খনি কৰে তিৰবিৰে
 থাকিব নোৱাৰো ৰৈ॥

(১৬)

কাঁহীতো নেখাওঁ মই  বাটীতো নেখাঁও মই
 নেখাওঁ ঐ সঁফুৰাত গুৱা।
চেনাইকে নেপালে নেচাওঁ ঐ আনলৈ
 দেহাটি নকৰো চুৱা॥

(১৭)

চোমনি চোমনি পুলিকৈ চোমনি
 মুগা পোহিবলৈ মন।
আইজনী বুকুখন দিখৌ নৈ বালিখন
 ওমলি থাকিব মন॥

(১৮)

পানীৰে বিমলা মোলৈ আহিম বোলা
 গাখীৰৰ নিচিনা ৰং।
আহোঁতে যাওঁতে তোৰে তাঁতশালে
 মৰিলে দুবৰি বন॥

(১৯)

হাতো পদুমী ভৰিও পদুমী
 ছোৱালী পদুমী নাম।
কেলৈ ঐ পদুমী উচুপি কান্দিছ
 মই জানো কামুৰি খাম॥