পৃষ্ঠা:বিহুগীত.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বনগীত
অনুৰাগ


(১)

অঔ কোমলীয়া খাবকৈ নোৱাৰি
 মৌ কোমলীয়া জোল।
ধনে ধেমেলীয়া মন চেঙেলীয়া
 চিঙিযাই ধৰমৰ ডোল॥

(২)

চেনেহী চিকুণে কেতেকী বৰণে
 আছিলি আলাসত ৰৈ।
দেৱেকী মনিচে চিনিব নোৱাৰো
 আছ অপেশ্বৰী হৈ॥

(৩)

নৈ চেঙেলীয়া গৰা কোমলীয়া
 তৰা কোমলীয়া লৰে।
চেনাই কোমলীয়া বুলিব নোৱাৰে
 বাটতে টোপনি ধৰে॥

(৪)

হাতে কিনো চাবি পদুমৰ পাহি যেন
 দাঁতে কিনো চাবি ঘন।
এনে বগীতৰা সোণে গিলিপমৰা
 লগত লৈ ফুৰিবৰ মন॥

(৫)

উজনীৰে জীঞা ধোঁৱাকৈ চন্দোৱা
 পাখিয়ে নললে ঘূৰ
হাঁহিবৰ চলেৰে চিকুট মাৰি গলি
 টোপনি নাহিলে মোৰ॥

(৬)

ঘাটৰে ঘটীয়া কটীয়া শিঙৰা
 পথাৰৰ মটীয়া বন।
ধনে ধেমেলীয়া তিয়ঁহৰ জালি যেন
 টিকুটি থাকিবৰ মন।